Miyah Poetry proper started on 29th April 2016 when Hafiz Ahmed posted the poem 'Write Down I am a Miyah' on his Facebook page. Shalim M Hussain wrote a response to the same first in English on the same day and then in one of the Char-Chapori dialects on 30th April. Shahjahan Ali's poem was written a couple of days later. As such, what started as one poem and a response turned into a series of poems by fifteen poets from all over Assam.
The Wall, Anil Karanjai |
লিখি লোৱা, মই এজন মিঞা
লিখা,
লিখি লোৱা
মই এজন মিঞা
এন. আৰ. চিৰ ক্রমিক নং ২০০৫৪৩
দুজন সন্তানৰ বাপেক মই,
অহাবাৰ গ্ৰীষ্মত জন্ম ল’ব আৰু এজনে
তাকো তুমি ঘিণ কৰিবা নেকি
যিদৰে ঘিণ কৰা মোক?
লিখি লোৱা,
মই এজন মিঞা
পতিত ভূমি, পিতনিক
মই ৰূপান্তৰিত কৰিছোঁ
শস্য-শ্যামলা সেউজী পথাৰলৈ
তোমাক খুৱাবলৈ
মই ইটা কঢ়িয়াইছোঁ
তোমাৰ অট্টালিকা সাজিবলৈ,
তোমাৰ গাড়ী চলাইছোঁ
তোমাক আৰাম দিবলৈ,
তোমাৰ নৰ্দমা ছাফা কৰিছোঁ
তোমাক নিৰোগী কৰি ৰাখিবলৈ,
তোমাৰে সেৱাতে মগন মই অনবৰত
তাৰ পিছতো কিয় তুমি খৰ্গহস্ত?
লিখা,
লিখি লোৱা
মই এজন মিঞা
গণতান্ত্ৰিক, গণৰাজ্য এখনৰ নাগৰিক এজন
যাৰ কোনো অধিকাৰ নাইকিয়া
মাতৃক মোৰ সজোৱা হৈছে সন্দেহযুক্ত ভোটাৰ
যদিও পিতৃ-মাতৃ তাইৰ নিঃসন্দেহে ভাৰতীয়
ইচ্ছা কৰিলেই তুমি মোক হত্যা কৰিব পাৰা,
জ্বলাই দিব পৰা মোৰ খেৰৰ পঁজা,
খেদি দিব পাৰা মোক মোৰেই গাঁৱৰ পৰা,
কাঢ়ি নিব পাৰা মোৰ সেউজী পথাৰ
মোৰ বুকুৰ ওপৰেৰে চলাব পাৰা
তোমাৰ বুলড্জাৰ
তোমাৰ বুলেটে বুকুখন মোৰ
কৰিব পাৰে থকাসৰকা
(তোমাৰ এই কাৰ্যৰ বাবে তুমি কোনো
স্তিও নোপোৱা)
যুগ-যুগান্তৰ তোমাৰ অত্যাচাৰ সহ্য কৰি
ব্ৰহ্মপুত্ৰৰ চৰত বাস কৰা
মই এজন মিঞা
মোৰ দেহা হৈ পৰিছে নিগ্ৰো কলা
মোৰ চকুযুৰি অঙঠাৰ দৰে ৰঙা
সাৱধান!
মোৰ দুচকুত জমা হৈ আছে
যুগ যুগান্তৰৰ বঞ্চনাৰ বাৰুদ
আঁতৰি যোৱা,
নতুবা
অচিৰেই পৰিণত হ’বা মূল্যহীন ছাইত!
Write Down ‘I am a Miyah’
Hafiz Ahmed
Write
Write Down
I am a Miya
My serial number in the NRC is 200543
I have two children
Another is coming
Next summer.
Will you hate him
As you hate me?
write
I am a Miya
I turn waste, marshy lands
To green paddy fields
To feed you.
I carry bricks
To build your buildings
Drive your car
For your comfort
Clean your drain
To keep you healthy.
I have always been
In your service
And yet
you are dissatisfied!
Write down
I am a Miya,
A citizen of a democratic, secular, Republic
Without any rights
My mother a D voter,
Though her parents are Indian.
If you wish kill me, drive me from my village,
Snatch my green fields
hire bulldozers
To roll over me.
Your bullets
Can shatter my breast
for no crime.
Write
I am a Miya
Of the Brahamaputra
Your torture
Has burnt my body black
Reddened my eyes with fire.
Beware!
I have nothing but anger in stock.
Keep away!
Or
Turn to Ashes.
নানা আমি লেখছি গো...
নানা আমি লেখছি গো,
এটেস্টো কৰাইছি, কাউণ্টাৰছাইনো কৰাইছি
পাব্লিক নটাৰীয়ে ভেৰিফাই কৰছে
যে আমি আসলেই একজন মিয়া৷৷
এহন আমাৰে উঠতে দেহুইন
বানেৰ পানীৰ থিকা
ভূমিস্খলনেৰে উপৰে ভাশতে দেহুইন
কেদা ভাইঙ্গা, বালু ভাইঙ্গা, সাপ ভাইঙ্গা আটতে দেহুইন
জমিনেৰ চাপা জাইতা মাৰতে দেহুইন
কোদাল দিয়া আইল কাটতে দেহুইন
আৰ দেহুইন আমাৰে ধানেৰ মইধ্যে, ডায়েৰীয়াৰ মইধ্যে, কুইশালেৰ মইধ্যে
হাইফ্ৰা পাৰতে ১০ শতাংশ সাক্ষৰতা হাৰেৰ মইধ্যে
আমাৰে আমাৰ মাথা ঠিক কৰতে দেহুইন, চূল সিতি কৰতে দেহুইন
দুই শাইৰ পদ্য, একটা গণিতেৰ ফৰ্মূলা পঢ়তে দেহুইন
দেহুইন আমাৰ কপালে চিন্তা যেশুম শালাৰা কয় তুই বাংলাদেশী
আৰ আমাৰ বিপ্লৱী বুকটাৰে কইতে দেহুইন যে হায় ৰে,
তুই জানশ যে তুই মিয়া৷৷
দেহুইন আমাৰে সংবিধান কাছে নিয়া
দিল্লীৰ মুহি আংগুল কইৰা,
দুই কদম আইগাইতে
আমাৰি পাৰ্লাইমেণ্টে, ছুপ্ৰীম কোৰ্টে,
আমাৰি কানাট প্লেচে
আমাৰ এমপি ৰে, জজবাবুৰে আৰ জনপথে
যে টুকটাক আৰ মায়া বেচে, হেই গেদীৰেউ
কইতে দেহুইন
যে আমিতো মিয়া৷৷
কলকাতায় আমাৰে লগ ধৰবাৰ আহুইন, বাঙ্গালুৰে আহুইন,
সীমাপুৰীৰ ঝোপৰ পট্টিতে আহুইন
দেহুইন আমাৰে শুট-কোট পিন্ধ্যা ছিলিকন ভেলীতে, কোট-বুট পিন্ধ্যা মেকডনাল্ডছে
আমাৰ বাল্যকাল বন্দী শ্ৰীনগৰে,
আমাৰ নাৰীত্ব বেচা-কিনি হাৰিয়ানাৰ মেৱাতে
আমাৰ পুলাপানেৰ কাফন কাপড়ে ৰক্ত দেহুইন
আমাৰ পি এইছডি ছাৰ্টিফিকেট, সোনাৰ মেডেল দেহুইন
তাৰ পৰে আমাৰে ডাহুইন ছালমা বুইলা, আমান, আব্দুল, বাহাতন নেছা বুইলা
বা খালী গোলাম বুইলা৷৷
আমাৰে প্লেন ধৰতে দেহুইন
ভিসা পাইতে দেহুইন
বুলেট ট্ৰেন ধৰতে দেহুইন
ৰকেট ধৰতে দেহুইন
মহাকাশে আমাৰ লুংগী দেহুইন
আৰ যেনে আমাৰ ডাক কেউ হুনা না হাৰে
হেনে আমাৰে চিল্লাইতে দেহুইন
যে আমি মিয়া
আমি গৰ্বিত৷৷
Nana I Have Written
Shalim M Hussain
Nana I have written attested countersigned
And been verified by a public notary
That I am a Miyah
Now see me rise
From flood waters
Float over landslides
March through sand and marsh and snakes
Break the earth’s will draw trenches with spades
Crawl through fields of rice and diarrhea and sugarcane
And a 10% literacy rate
See me shrug my shoulders curl my hair
Read two lines of poetry one formula of math
Read confusion when the bullies call me Bangladeshi
And tell my revolutionary heart
But I am a Miyah
See me hold by my side the Constitution
Point a finger to Delhi
Walk to my Parliament my Supreme Court my Connaught Place
And tell the MPs the esteemed judges and the lady selling
Trinkets and her charm on Janpath
Well I am Miyah.
Visit me in Kolkatta in Nagpur in the Seemapuri slums
See me suited in Silicon Valley suited at McDonalds
Enslaved in Beerwa bride-trafficked in Mewat
See the stains on my childhood
The gold medals on my PhD certificate
Then call me Salma call me Aman call me Abdul call me Bahaton Nessa
Or call me Gulam.
See me catch a plane get a Visa catch a bullet train
Catch a bullet
Catch your drift
Catch a rocket
Wear a lungi to space
And there where no one can hear you scream,
Thunder
I am Miyah
I am Proud.
মইও মিঞা
হাড় ভঙা ৰ’দৰ কোলাত
নাঙ্গুইলা-জায়ৈ’ দিয়া মোৰ
ঘৰ্মাক্ত ভাগৰুৱা কান্ধৰ
লুণীয়া কাইটৰ খোচেৰে ভৰা
পুৰুষত্বৰ গৌৰৱময় ইতিহাস৷
‘গ্ৰ’মোৰ ফুড’ আৰু বাঘৰ আতঙ্কৰে
বিভীষিকাময় কলেৰা-ডায়েৰিয়া,
কাইটীয়া জঙ্গললৈ ক্রান্তিৰ সুবাস ছটিয়াই
সংগ্ৰাম কৰা বীৰপুৰুষৰ ইতিহাস৷
ত্যাগৰ ৫১ৰ উপহাৰ
৮৩ আৰু ৯০-৯৪, ২০০৮, ১২, ১৪
ইতিহাসৰ ৰক্তাক্ত সোঁৱৰণেৰে কম্পমান মই
প্ৰাগজ্যোতিষপুৰৰ খিলঞ্জীয়া দ্ৰাবিড়ৰ
নিৰ্যাতন, লাঞ্ছনা, বঞ্চনাৰ দস্তাবেজ বুকুত লৈ
ৰাজপথত কাণত ধৰি আঠু লোৱা
নিলাজ ৰং মোৰ
লজ্জা ঢকাৰ মুখালৈ
নিলাজৰ দৰে ভকতৰ শাৰীত
অস্তিত্বৰ ছবি আঁকিও
ভকতৰ গোহালিত আশ্ৰয় মোৰ,
কাৰণ
ৰঙীণ বটলত একে মদিৰা
আৰু জন্ম সূত্ৰে মইও এজন মিঞা৷৷
I am Yet a Miyah
Shahjahan Ali Ahmed
Mine is the story of
A burning bone-crunching sun
My manhood the cautionary tale
Of bent shoulders
And the pricking of salted thorns
Mine is the story of
‘Grow more food’, man-eaters
Cholera, diarrhea
And a fragrant revolution scattered by
My fathers
In a forest of thorns
Mine is a story of heroes.
Mine is the sacrificial offering of ‘61
Of blood screaming through
The binds of history
Mine is the story of 83, 90-94, 2008, 2012, 2014.
Mine is the oppression, the ignominy
The deprivation of Dravidians in Pragjyotishpur
I am the colour of a shame
Holding its ears, bending its knees
While kings and dynasties pass
I am the one under the fool’s cap
Standing in line with dumb cattle
I am a painting of heritage
Hung in a stable
Because though the bottles look different
The wine is yet the same
And judging by birth alone, I am yet a Miyah.
Loved this!! Exquisite expression of grief, anguish and pain in the most plain language.
ReplyDeleteWhen the words are not heard u need to 'hurl' your words. History is witness to this. May your voices reach far and wide, awaken the hearts and minds those are blinded and caged. Take it as your duty so that the next generations of the hatters will not curse you for not enlightening their fathers!
ReplyDeleteWonderful
ReplyDelete