11/3/16

Poems | Miyah Poetry Series (Curated by Shalim M Hussain) - Part 2

In part 2 of the series, we feature two poems by Hafiz Ahmed.  Ahmed belongs to the second generation of Char-Chapori poets and is one of the most important precursors of the Miyah poetry movement.


The Dance Floor by Anil Karanjai




জন আদালতত চৰৰ ডেকা (2000)
হাফিজ্ আহমেদ

ধৰ্মাৱতাৰ!
হয়, সি আৰু মই
সহোদৰ ভাই-ককাই
একে পৰিয়ালৰে
অথচ, ককায়েকটো হৈ
তেজৰ বান্ধোন
ৰজা হোৱাৰ আশাত
ধৰ্মাৱতাৰ!
সি গাই ফুৰাৰ দৰে
আচলতে মই তাৰ
সতীয়া ভায়েক নহয়,মই ওপজোতে দেখোন
আই-বোপাইৰ
বিচ্ছেদ ঘটাই নাছিল
অথচ সি লগনীয়া-ভগনীয়াৰ
কথা শুনি
আৰ তাৰ ফুচুলনিত
বাৰে বাৰে মোক
‘অবৈধ’ বোলে
ধৰ্মানতাৰ!
মাজে মাজে সি
বৰ অঁকৰাৰ দৰে
অংগী-ভংগী কৰে
আবেগ নতুবা
চণ্ডাল খঙত
আজুৰি পেলায়
গাৰ মঙহ
নাভাবে সি এবাৰো
কিয় গুচি গ’ল
ঘৰ এৰি থৈ
ছজনীকৈ আমাৰ
নিজৰে ভনী
ধৰ্মাৱতাৰ!
এতিয়া সি বুজন
নহ’লে
আমাৰে বিপদ
দেখিছেই,আইৰ বুকুত
কিদৰে জ্বলিছে
স্বজনৰ চিতা
বঙহে দকচিছে
বঙহৰে মঙহ
ধৰ্মাৱতাৰ!
কিদৰে ছটিয়াও
শান্তি জল এতিয়া
ৰোধো দক্ষ যজ্ঞ
কিদৰে এতিয়া
অক্ষত ৰাখোঁ
সতী দেহৰ অংগ?



A Charuwa Youth vs The People (2000)

Hafiz Ahmed (Translated by Shalim M Hussain)

Milord
Yes, we are brothers
He and I
Brothers from the same family.
Yet kokai* is so bent
On being king
That he disproves
Blood relations.

Milord
Contrary to his claims
I am not his step-brother
Mother and son
Were not separated
When I was born
He has eavesdropped too often
On the whispers
Of friends and foes
And muddled his own head.
This might be why
He repeatedly declares me illegitimate.

Milord
Very often he goes mute
And his anger flows in frenzied gestures
Sometimes in ungodly rage
He tears the flesh
From his body.
Not once does he wonder
Why six of our own sisters
Were compelled
To leave this home

Milord
He is wiser now
Or at least I guess so
You have studied our problems
You have seen our own
Burn on the pyre of
Our mother’s heart,
Our own cannibalize
Our own.

Milord
How do I scatter
The waters of peace?
How do I stop Daksha’s yagna?
How do I keep intact
The pieces of Sati’s body?

___________________________________


*Kokai - Elder brother




হুমুনিয়াহ
হাফিজ্ আহমেদ

(ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াত সকলো হেৰুৱাৰ পিছত)

আমাৰ নাছিল কি?
সেউজীয়া ধাননি,
সৰু-বৰ মাছে খেলা কৰা পৃথিৱী
শিশুৰ কাকলিৰে মুখৰিত  ঘৰবোৰ
শাৰী শাৰী নাৰিকল, তামোলৰ বাৰী
পৌষুৰাত শতজনক কৰিছিলোঁ নিমন্ত্ৰণ
বহল চোতালখনত খুৱাইছিলো কতনাজনক।
আজি আমাৰ আছে কি?
হেৰুৱাবলৈ মাথো ডিঙিৰ শিকলি
জয় কৰিবলৈ এখনি বিশাল পৃথিৱী।




Sigh!* (2016)
Written and translated by Hafiz Ahmed

 (After losing everything in the erosion of the Brahmaputra)

What we did not have?
Green paddy fields,
Fish frolicking in fisheries,
Homesteads raised on the laughter of children
Rows upon rows of coconut, betel nut trees,
On Pushura our wide courtyard filled
With people, joy, festivities.
What do we have today?
Only the chain of slavery on our necks
And the whole world to conquer.







No comments:

Post a Comment